ধেমাজি, ২৮ জুন (হি.স.)। বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতাৰ উদ্যোগত এন এইচ পি চি বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ণ ৷ এন এইছ পি চি ৰ গেৰুকামুখ প্ৰকল্পৰ সন্মুখত সংগঠনটোৰ সহস্ৰাধিক নেতা কৰ্মীয়ে কঁপাই তোলে আকাশ – বতাহ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গেৰুকামুখ প্ৰকল্প স্থাপন কৰাৰ সময়ৰে পৰা আন্দোলন কৰি আহিছে ৷
শনিবাৰে সংগঠন ধেমাজি, লখিমপুৰ আৰু মাজুলীকে ধৰি দাতিকাষৰীয়া কেইবাখনো জিলাৰ কৰ্মীসকলে দুই কিলোমিটাৰ যোৰা প্ৰতিবাদী সমদল কৰি আহি গেৰুকামুখ প্ৰকল্পৰ মূল প্ৰৱেশ দ্বাৰৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জিলা প্ৰশাসনে প্ৰকল্পৰ প্ৰৱেশ দ্বাৰত কেইবা শতাধিক আৰক্ষী ও অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা পৰিলক্ষিত হয় । ৰঙানদী প্ৰকল্পৰ দৰে এটা সৰু বান্ধে লখিমপুৰবাসীক জ্বলা কলা খুওৱাই আহিছে ৷ ইমানৰ পিছতো চৰকাৰে গেৰুকামুখত নিৰ্মান কৰা বৃহৎ বান্ধৰ পৰা হ’ব পৰা ভয়াবহতাৰ কথাৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সংগঠনটোৰ সভাপতি পলাশ চাংমাইয়ে এই বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিবই বুলি দাৱী উত্থাপন কৰে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
