লক্ষীমপুৰ, ১০ নৱেম্বৰ (হি.স.): লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ কাছিকতাত যোৱা কালি দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এটি শিশুৰ মৃত্যু হয় ৷ নাৰায়ণপুৰ-বিহপুৰীয়া অভিমুখী এখন ট্ৰাকে এখন স্কুটী মহতিয়াই নিয়াৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল ৷
জানিব পৰা মতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় স্কুটী আৰোহী ৰাজবাৰীৰ নিতুমনি দত্ত শইকীয়া সহ সাত বছৰীয়া সন্তান অলকেশ ৷ মাতৃ নিতুমনি দত্ত শইকীয়াৰ সৈতে এএছ ০৭ জেড ৭৬৬০ নম্বৰৰ স্কুটিত বিহপুৰীয়া পৰা নাৰায়ণপুৰ অভিমুখে গৈ থকা অৱস্থাত নাৰায়ণপুৰ দিশৰ পৰা অহা এএছ ০১ এলচি ৬১৮৪ নম্বৰৰ ট্ৰাকৰ লগত খুন্দা লগাত গুৰুতৰ ভাৱে আহত হয় মাতৃ পুত্ৰ ৷ পৰৱৰ্তী সময়ত লখিমপুৰ মেডিকেল কলেজ হস্পিতালত মৃত্যুক সাৱটি লয় শিশুটিয়ে ৷ শিশুটিৰ পিতৃ ৰাজবাৰীৰ কমল শইকীয়া বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
