বিশ্বনাথ, ২০ নৱেম্বৰ (হি.স.)। বিশ্বনাথৰ বালিচাঙত প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হয় ছটপুজা ৷ মহিলা তথা ভক্তপ্ৰাণ লোক সকলে কঠোৰ ব্ৰত পালন কৰি মাংগলিক নীতি নিয়মৰ মাজত কালি আবেেলি ছটপুজাৰ প্ৰথম দিনাৰ পুজা পৰ্ব সম্পন্ন কৰে ৷ ভক্ত সকলে নদীৰ ঘাটত অস্তগামী সুৰ্যক বিভিন্ন অৰ্ঘাদিৰে পুজা অৰ্চনা কৰা পৰিলক্ষিত হয় ৷
এক আধ্যাত্মিক পৰিবেশৰ মাজত পুৰুষ মহিলা যুবক যুৱতী তথা শিশু সকলে একান্তভাবে সুৰ্যদেৱতাক আৰাধনা কৰি নিজৰ পৰিয়ালৰ তথা দেশ দহৰ মংগল কামনা কৰে ৷ বিভিন্ন আলোকসজ্জাৰে সজ্জিত কৰা পুজাস্থলীত এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ইপিনে পুৰোহিতে মন্ত্ৰোচ্চাৰণ শঙ্খধ্বনীৰে মুখৰিত কৰি তোলে পুজাস্থলী ৷ ৰাইজেও শাৰী পাতিদৰ্শন প্ৰণাম আদি কৰি নিজৰ মনোবাঞ্ছা পুৰণৰ বাবে শ্ৰীশ্ৰীসুৰ্যদেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
