কাৰ্বি আংলং, ১৩ জানুৱাৰী (হি.স.)। আজি পদ্মশ্ৰী ৰংবং তেৰাঙৰ ওপজা দিন। ৮৭ বছৰত ভৰি দিলে বৰেণ্য সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে। বিশিষ্ট ঔপন্যাসিক ড০ কৰবী ডেকা হাজৰিকাক ২০২৪ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ পদ্মশ্ৰী ৰংবং তেৰাঙৰ আজি ৮৭ সংখ্যক ওপজা দিন। ওপজা দিনৰ লগত সংগতি ৰাখি বকলীয়াঘাট ৰুকাচেন মহাবিদ্যালয়ত ”চিংথুৰ প্ৰকাশন”ৰ উদ্যোগত আয়োজন কৰা হয় ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান।
বিভিন্ন দল-সংগঠনে ৰংমিলিৰ হাঁহিৰ স্ৰষ্টাজনক জনায় বিপুল সম্ভাষণ। জন্মদিনৰ লগত সংগতি ৰাখি বিগত ২০১৭ চনৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিক-সাংবাদিকক বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে প্ৰদান কৰি আহিছে ৰংবং তেৰাং সমন্বয় বঁটা। ২০২৪ বৰ্ষৰ এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট ঔপন্যাসিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকাক। বঁটা গ্ৰহণৰ পিছত তেওঁ কয় যে এই বঁটা অনন্য আৰু একক ইয়াৰ তুলনা নাই। আনহাতে নিজ হাতেৰে এই বঁটা প্ৰদান কৰি অত্যন্ত সুখী ৰংবং তেৰাং। কাৰ্বি আংলঙৰ তাৰালাংছত চলি থকা যুৱ মহোৎসৱ সন্দৰ্ভত তেওঁ কয় যে এতিয়া তাৰালাংছৰ জ্বৰত কঁপনি উঠিছে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক য়েছে দৰজে ঠংচি, সাহিত্য একাডেমী বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড০ কন্দৰ্প ডেকা প্ৰমুখ্যে বহুজন।
হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.
