
হাইলাকান্দি, ১৯ ছেপ্টেম্বৰ (হি.স.)।
হাইলাকান্দি জিলাত যোৱা এ’শ বছৰ ধৰি আলোক বিকাশ কৰি অহা ১৩০ নং আলগাপুৰ প্ৰাথমিক বিদ্যালয় আজি ধ্বংসৰ দুৱাৰ দলিত ঠিয় হৈছে। ১৯২৭ চনত স্থানীয় লোকসকলে শিক্ষাৰ জেউতি প্ৰজ্বলিত কৰাৰ বাবে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। কিন্তু একশ বছৰ পূৰ্ণ হোৱাৰ আগতেই নৰ্দমাৰ খেলা পানীয়ে গিলি যাবলৈ ধৰিছে এই ঐতিহ্যবাহী শিক্ষালয় খন।
হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰৰ মাজতেই অৱস্থিত বিদ্যালয়খন এক অস্বাস্থ্যকৰ গহ্বৰলৈ পৰিণত হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে কেইবছৰ ধৰি জিলাৰ শীৰ্ষ কৰ্তৃপক্ষক একাধিকবাৰ লিখিত আৱেদন আগবঢ়ালেও কোনো ফলফল নাই। প্ৰশাসনৰ নীৰৱতা আৰু উদাসীনতাই যেন শতবছৰীয়া ঐতিহ্যক ধ্বংসৰ দিশে ঠেলি দিছে। এই ভয়াবহ অৱস্থাত অভিভাৱকসকলে সন্তানেৰে বিদ্যালয়খন এৰাই অন্য বিদ্যালয়লৈ লৈ যাবলৈ আৰম্ভ কৰিছে। ফলতে প্ৰায় শতবছৰীয়া ঐতিহ্য গৰকা এই বিদ্যালয়খন বন্ধ হোৱাৰ দিশে আগবাঢ়ি আহিছে। লগতে আলগাপুৰবাসীৰ গৌৰৱৰ অধ্যায় স্মৃতি হৈ পৰাৰ দিশে আগবাঢ়ি যোৱাৰ দিন গণনা আৰম্ভ হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
