
কোকৰাঝাৰ, ১২ ছেপ্তেম্বৰ (হি.স.)। বিটিচি নিৰ্বাচনত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কচুগাঁও সমষ্টিৰ ভাওৰাগুৰীত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে৷ দলীয় প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে ‘ডি ভোটাৰৰ সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি থকা বুলি উল্লেখ কৰে৷ ‘ডি’ ভোটাৰক লৈ কোনেও দুঃচিন্তাত ভুগিব নালাগে৷ ইয়াক লৈ সকলো ফালে আলোচনা কৰা হৈছে৷ ‘ডি ভোটাৰক লৈ এতিয়া কোনো সমস্যা নাথাকে ৷ বৰ্তমান হিন্দু বাঙালী সকলৰ এজনো ডিটেনশ্বন কেম্পত নাই বুলি উল্লেখ কৰে৷ আনহাতে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমন আৰু ভ্ৰমণ সন্দৰ্ভত আভাস দিয়ে৷ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বিগত বাইশটা বছৰে বিটিচি এলকোৰ ৰাইজে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে৷
বিগত বাইশটা বছৰে বিটিআৰ এলেকাত বসবাস কৰা ৰাইজৰ বহু সমস্যা সমাধান নহল৷ ৰাজ্যৰ অন্যান্য অঞ্চলত ভুমিহীন লোকে মাটিৰ অধিকাৰ পাইছে, বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা পাইছে, কিন্তু বিটিআৰ এলেকাৰ দুখীয়া দৰিদ্ৰ ৰাইজে মাটিৰ পট্টা সুবিধা, আৱাস গৃহ, অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ সুবিধা পোৱা নাই৷দুখীয়া-দৰিদ্ৰ লোকে ৰেচন কাৰ্ড পোৱা নাই৷বিটিআৰত ৰাইজে সমস্যা লৈ জীৱাই আছে৷এই ব্যৱস্থাৰ পৰিবৰ্তন হ’ব লাগিব৷
দৰিদ্ৰ সকলে এটকা উৎকোচ নিদিয়াকৈ প্ৰধানমন্ত্ৰী আৱাস গৃহ, মহিলা সকলে উদ্যমি আঁচনি, অৰুণোদয়ৰ সুবিধা আদি পাব লাগিব৷ কিন্তু বিটিআৰ এলেকাত ভিচিডিচিয়ে সকলো আঁচনিৰ ধন খাই শেষ কৰি আছে৷ প্ৰতিটো দুখীয়া-দৰিদ্ৰ লোকে ভিচিডিচিক ধন নিদিলে কাম নহয়৷ সকলো কামতে ঘোচ দিব লাগে ৷যাৰ বাবে বিটিআৰ এলেকাৰ ৰাইজৰ উন্নতি হোৱা নাই৷
তেও উল্লেখ কৰে যে, গৰীব দুখীয়া ৰাইজে নিজৰ অধিকাৰ পাব লাগিলে বিটিচিত বিজেপি চৰকাৰক ভোট দি জয়যুক্ত কৰিব লাগিব৷ বিটিআৰ অঞ্চলত কষ্টৰে থকা সকলো দুখীয়া ৰাইজে এক টকা নিদিয়াকৈ চৰকাৰী আঁচনিৰ সুবিধা পাব৷ আমি কাৰো জাতি ধৰ্ম নাচাও৷ চাকৰিৰ নামত এক টকাও ঘোচ দিব নালাগিব৷ বক্তব্যত কয়, যদি অসম আগবাঢ়িছে, বিটিআৰ আগবাঢ়িব লাগিব৷ এইবাৰ পদুমৰ ছবিত ভোট দিব লাগে৷ বিজেপিৰ চৰকাৰ বনাব লাগে বুলিও ৰাইজক হিয়া উজাৰি ভোট দিবলৈ আহ্বান জনায়৷
আনহাতে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমন আৰু ভ্ৰমণ সন্দৰ্ভত উল্লেখ কৰে৷ তাৰোপৰি ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন জনাই মুখ্যমন্ত্ৰীয়ে জানুৱাৰী মাহত ভাওৰাগুৰিত মহাবিদ্যালয় স্থাপনৰ উপৰি দুৰ্গা মন্দিৰ, মাতাৰা মন্দিৰ, ষট্ পুজা ঘাট নিৰ্মানৰ ব্যৱস্থা কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে৷
নিৰ্বাচনী প্ৰচাৰ সভাত কাৰ্বি আংলংৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংয়ে কয়, বিজেপিৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীক আশীৰ্বাদ আৰু মৰম দিবলৈ আহিছে বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ আহিছে৷অসমৰ বিভিন্ন স্থানৰ লগতে কাৰ্বিআংলং, ডিমা হাছাওৰ লগতে বিটিচিত অশান্তিৰ অৱসান ঘটাই আলাপ আলোচনাৰ মাজেৰে শান্তি আনিছে৷
আনহাতে মন্ত্ৰী অশোক সিংঘালে সভাত ভাষণ প্ৰদান কৰি কয়, বড়োলেণ্ডত শান্তিৰ গেৰাণ্টি বিজেপি৷ পাঁচ বছৰ বিটিচিত শান্তি বিৰাজমান হৈ আছে৷ এয়াই পৰিবৰ্তন, বিজেপিৰ কাৰণে এয়াই পৰিবৰ্তন কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰণে, গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰণে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত এই পৰিবৰ্তন সম্ভৱ হৈ উঠিছে৷ এই পৰিবৰ্তন চিৰস্থায়ী কৰিবলৈ বিজেপিক ভোট দি জয়যুক্ত কৰিব লাগিব৷ ৷সভাত সুভাষ তিৰ্কীয়ে বিজেপিৰ শাসনত বিটিচিত শান্তিৰ লগতে উন্নয়ন সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে৷
একেদৰে কোকৰাঝাৰ জিলা প্ৰভাৰী শংকৰ প্ৰসাদ ৰায়, বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সম্পাদক দিল্পু ৰঞ্জন শৰ্মাই বক্তব্য দিয়ে৷সভাত বিধায়ক কৃষ্ণ কমল তাঁতী, এছ টি মৰ্চাৰ সভাপতি হৰেণ সিং বেৰ উপৰি বহু নেতা-কৰ্মীয়ে উপস্থিত থাকে৷নিৰ্বাচনী প্ৰচাৰ সভাত ইউপিপিএলৰ জেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ উপৰি বহু সংখ্যক ইউপিপিএলৰ সমৰ্থকে বিজেপিত যোগদান কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
