ওদালগুৰি, ২১ আগষ্ট (হি.স.)। বিটিআৰত উচ্ছেদক লৈ শংকিত হৈ পৰিছে অসমৰ খিলঞ্জীয়া জনসাধাৰণ । ১৯৪৩ চনৰ নথি থকাৰ পিছতো স্বাধীন ভাৰতৰ কোনো এখন চৰকাৰে মাটিৰ অধিকাৰ প্ৰদান নকৰিলে। বিটিআৰৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাজহ গাঁও ১নং আমজুলী, ৪নং আমজুলী, কুন্দৰবিল, ৩নং কুন্দৰবিলকে ধৰি বৃহৎ অঞ্চলৰ অসমীয়া খিলঞ্জীয়া গাঁও। যুগ যুগান্ত পৰা বাসবাস কৰি আহিছে ভূমিপুত্ৰ বড়ো, কোচৰাজবংশী, কেওট, কলিতা, ব্ৰাহ্মণ, নেপালী আদি কৰি প্ৰায় বাৰৰ পৰা পোন্ধৰ হাজাৰ লোকে । কিন্তু আজি পৰ্যন্ত নাপালে ভূমিৰ ভূমিৰ অধিকাৰ।
গঞা অভিযোগ অনুসৰি চৰকাৰে হথাতে একাংশ লোকক লৈ বনভূমি হিচাপে সংৰক্ষণ কৰাৰ ষড়যন্ত্ৰ ৰচিছে । ফলত হতভম্ব হৈ পৰিছে তাত বসবাস কৰা অজনজাতীয় খিলঞ্জীয়া ভূমিকা পুত্ৰ সকল। বিশেষকৈ বনাঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলে দহ পৰা বাৰ বছৰ বসবাস কৰিলেই বিধি অনুযায়ী ভূমিৰ অধিকাৰ পায় জনজাতীয় লোকে, কিন্তু ইয়াৰ বিপৰীতে আতংকিত আৰু শংকিত হৈ পৰিছে সেই অঞ্চলত বসবাস কৰা অজনজাতীয় লোক সকল । বুধবাৰে আমজুলী বিষ্ণু মন্দিৰ প্ৰাঙ্গণত চাৰিখন গাঁৱৰ ৰাইজ বহি ভূমি অধিকাৰ বাবে সংগ্ৰাম চলাই যোৱাৰ সংকল্প লৈছে খিলঞ্জীয়া ৰাইজে। বিটিআৰত খিলঞ্জীয়া কথা কোৱা এইখন চৰকাৰে এইসকল লোকক উচ্ছেদ কৰিব নে ভূমিৰ অধিকাৰ প্ৰদান কৰিব সেয়া হ’ব লক্ষ্যনীয় বিষয় ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
