–কোকৰাঝাৰ এৰি দিব মিত্ৰ দল ইউ পি পি এলক
–কংগ্ৰেছ মিত্ৰজোটক বাৰিষাৰ ভেকুলীৰ লগত তুলনা
বাক্সা, ২২ নৱেম্বৰ (হি.স.): লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল ৷ সমষ্টি সমষ্টিয়ে সভা সমিতি অনুষ্ঠিত কৰি দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপি দলে ৷ অৱশ্যে বিটিআৰৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো মিত্ৰদল ইউ পি পি এলক এৰি দিব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ মিত্ৰতাৰ ধৰ্ম ৰাখি কোকৰাঝাৰ সমষ্টিটো বিজেপি দলে ইউ পি পি এলক এৰি দিয়াৰ বিপৰিতে অসম গণ পৰিষদ দলকো এখন আসন দিব ৷
বাক্সা জিলাৰ আঙ্গুলীয়াত যোৱাকালি মঙলবাৰে আবেলি ককলাবাৰী মণ্ডল বিজেপিৰ এখন কাৰ্যকৰ্তা সন্মিলনত অংশ লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছ মিত্ৰজোটকো তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ ইণ্ডিয়া গোটবন্ধনক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কংগ্ৰেছ মিত্ৰজোটক বাৰিষাৰ ভেকুলীৰ লগত তুলনা কৰে ৷ আনহাতে মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলে চেলেং চাদৰ দলিয়াই দিয়া বিষয়টো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ সভাত মৰাণ সমষ্টিৰ বিধায়ক তথা পৰ্যবেক্ষক চক্ৰধৰ গগৈয়ে নৰেন্দ্ৰ মোডীক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ কৰ্মকৰ্তাসকলক ত্যাগ কৰিবলৈ আহ্বান জনায় ৷ দৰকাৰ হলে বিজেপিৰ পদুম চিহ্নৰ সলনি ট্ৰেক্টৰৰ চিহ্নত ভোট দিব লাগিব বুলিও মন্তব্য কৰে মৰাণ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক তথা মানাহ বিধানসভা সমষ্টিৰ পৰ্যবেক্ষক চক্ৰধৰ গগৈয়ে ৷ বিটিআৰৰ অন্তৰ্গত দৰং- ওডালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টি দুটাৰ কোকৰাঝাৰ সমষ্টিটোত মিত্ৰদল ইউ পি পি এল দলক এৰি দিব বুলিও জানিব দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
