যোৰহাট, ০২ ছেপ্টেম্বৰ (হি.স.)। তিতাবৰৰ এজন যুৱক বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
তিতাবৰ চেকুৰীয়া গাঁৱৰ যুৱক বাবলু উৰাং চেন্নাইত কাম কৰিবলৈ গৈ ৩ টা দিনে নিৰুদ্দেশ হৈ আছে । ৩১ আগষ্ট পৰা নিৰুদ্দেশ হৈ আছে বাবলু উৰাং নামৰ যুৱকজন ৷
জানিব পৰামতে, নিজ গৃহৰ পৰা চেন্নাই লৈ গৈ থাকোঁতে বিশাখাপত্তনম ষ্টেচনৰ পৰা নিৰুদ্দেশ ৩৫ বছৰীয়া যুৱকজন। যুৱক জনৰ নিৰুদ্দেশে হাহাকাৰ লগাইছে পৰিয়ালত ৷ বহু বিচাৰ-খোঁচাৰ কৰাৰ পিচতো এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালে ৷ ফলত পৰিয়ালটোৱে দু-চিন্তাত উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে ৷ যুৱকজনৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে পৰিয়ালৰলোকে তিতাবৰ মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এই পৰ্যন্ত নিৰুদ্দেশ হোৱা যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ তথা কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷
কোনো লোকে কিবা সম্ভেদ পালে 9864772694 নম্বৰত জনাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। বাবু উৰাংৰ নিৰুদ্দেশৰ ঘটনাই
পৰিয়ালটোত হাহাকাৰ লাগিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
