
কোকৰাঝাৰ, ২৮ জুন (হি.স.): বন্দে ভাৰতী ফাউণ্ডেচনৰ উদ্যোগত যোৱাকালি শুকুৰবাৰে সন্ধিয়া ৰথযাত্ৰাৰ পবিত্ৰ অৱসৰত ফকিৰাগ্ৰামত এক সেৱামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। সংগঠনৰ স্বেচ্ছাসেৱকসকলে হাজাৰ হাজাৰ ভক্তজনলৈ চৰবত বিতৰণ কৰে।
এই কাৰ্যসূচী ৰথযাত্ৰালৈ অহা ভক্তসকলৰ বাবে এক সহানুভূতি পূৰ্ণ ব্যৱস্থা আছিল। গৰমৰ মাজতো সকলো স্বেচ্ছাসেৱকে উৎসাহ আৰু আন্তৰিকতাৰে কাম কৰি সকলোলৈ ঠাণ্ডা চৰবত বিতোৰণ কৰে। সকলোৰে মুখত হাঁহি আৰু হৃদয়ত আনন্দ কঢ়িয়াই আনে এই সেউজী উদ্যোগ। সেৱাহে পৰম ধৰ্ম — এই মূলমন্ত্ৰৰ জৰিয়তে, ফাউণ্ডেচনে পুনৰ এটা সমাজসেৱাৰ দৃষ্টান্ত স্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
