বাক্সা, ০৫ আগষ্ট (হি.স.)। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সমাগত বিটিচি নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে বাক্সাৰ মথনগুৰিৰ বিপিএফ কৰ্মীসকল । বাক্সাৰ মথনগুৰি পৰিষদীয় সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী হিচাপে বেগম আখটাৰা আহমেদৰ নাম ঘোষণা কৰাৰ পাছতেই সমষ্টিটোত বিপিএফৰ কৰ্মী সকল উৎসাহিত হৈ পৰিছে।
প্ৰাৰ্থী বেগম আখটাৰা আহমেদক লৈ হাগ্ৰামা মহিলাৰী জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে কৰ্মী সকলে। ইফালে সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি উৎফুল্লিত হৈ পৰিছে বেগম আখটাৰা আহমেদ। সমষ্টিটোৰ সকলো দিশৰ উন্নয়নৰ হকে কাম কৰাৰ লক্ষ্যৰে ৰাইজৰ ওচৰলৈ যাব বুলি জানিব দিয়ে প্ৰাৰ্থী গৰাকীয়ে। তেওঁ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি নাঙলৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
