কাছাৰ, ১০ নৱেম্বৰ (হি.স.): বৰাকৰ ৰাজনীতিত এক নৱ উত্থান দেখা গৈছে। যোৱা কালি সন্ধিয়া হঠাৎ এআইইউডিএফ দলৰ প্ৰধান বদৰউদ্দিন আজমল উপস্থিত হয় প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা আতাউৰ ৰহমান মাঝাৰভুইয়াৰ বাসভৱনত।
উল্লেখ্য় যে ২০১৪ সনত ৰাজ্যসভা নিৰ্বাচনত ভোট দিয়াৰ পৰা বিৰত থকাৰ বাবে আতাউৰ ৰহমান মাঝাৰভুইয়াক এআইইউডিএফ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তাৰ পাছৰ পৰা বদৰ উদ্দিন আজমল লগত সম্পৰ্ক ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিলে মাঝাৰভুইয়ায় । বৰ্তমানে বৰাকত কংগ্ৰেছৰ এজন সংখ্যালঘু নেতা হিচাপে পৰিচিত তেওঁ। লোকসভা নিৰ্বাচনৰ আগতে আতাউৰ ৰহমানৰ ঘৰত আজমলৰ উপস্থিতিয়ে তাৎপৰ্য বহন কৰিছে । আতাউৰ ৰহমানে কংগ্ৰেছ ত্যাগ কৰি পুনৰ এআইইউডিএফ দলত যোগদান কৰাৰো চৰ্চা আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
