
কামৰূপ, ১০ ডিচেম্বৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কমাৰকুছিত যোৱাকালি মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখে গৈ থকা এএছ ০১ এফএফ ৯১০৮ নম্বৰৰ স্কুটীখনক পথৰ কাষৰে গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে পিছফালৰ পৰা প্ৰচণ্ডযোৰে খুন্দা মাৰি পলাই যায়।
ফলত থিতাতে নিহত হয় মেধিকুছিৰ নিবাসী ৰহিল দাস নামৰ যুৱক জন। সোণাপুৰ যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও বৰ্তমানলৈ বা বাহন খনৰ কোনো তথ্য লাভ কৰা নাই।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
