
শিৱসাগৰ ২৫ অক্টোবৰ (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাৰ বিহুৱৰত অব্যাহত আছে অবৈধ শিল খনন। বিহুৱৰ আৰক্ষী থানাৰ সমীপত তথা বন বিভাগৰ কাৰ্যালয়ৰ নাতি দূৰত্বত চলিছে এই অবৈধ খনন। জনবসতি পূৰ্ণ অঞ্চলত এই অবৈধ খনন চলাই গৈছে যদিও আৰক্ষী তথা বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
অভিযোগ অনুসৰি গাজি খান নামৰ ব্যৱসায়ী জনে জনবসতি পূৰ্ণ অঞ্চলত কোনো কুণ্ঠাবোধ নকৰাকৈ এই অবৈধ খনন চলাই গৈছিল । বিহুৱৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া লগতে বন বিভাগক মেনেজ কৰি এইদৰে এই খনন অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপিত হৈছে।
নগালেণ্ডৰ টিপি ব্যৱহাৰৰ কৰি এইদৰে বন বিভাগৰ অবৈধ ক’লা ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ গাজি খানৰ বিৰুদ্ধে। বছৰী লাখ লাখ টকাৰ ক’ৰফাকি দি এনেদৰে অবৈধ খনন চলোৱা গাজি খানে নাজিৰাৰ প্ৰশাসন যন্ত্ৰক মেনেজ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। জনবহুল অঞ্চলত এনেদৰে খনন চলাবলৈ কোনে অনুমতি প্ৰদান কৰিলে সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
