
নগাঁও, ২৮ নৱেম্বৰ (হি.স.)। চৰকাৰে অচিৰেই উচ্ছেদ অভিযান চলাব নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। হাজাৰ হাজাৰ বিঘা বেদখলি ভূমি মুক্ত কৰাৰ বাবে প্ৰশাসনৰ চলাব বৃহৎ উচ্ছেদ অভিযান।
উচ্ছেদ অভিযান চলাবলৈ শ শ আৰক্ষী ঢাপলি মেলিছে লুটুমাৰী সংৰক্ষিত বনাঞ্চললৈ। ইফালে বসবাস কৰিবলৈ অকনমান ভূমি বিচাৰি বেদখকাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ক’লৈ যাব ক’ত থাকিব তাৰ কোনো উহাদিহ নেপাই হুক হুকাই কান্দিছে বেদখলকাৰীয়ে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
