নগাঁও, ০২ জানুৱাৰী (হি.স.)। নগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত পালন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ l নগাঁও জিলা পৰিবহণ বিষয়া সীমান্ত বৰা নেতৃত্বত নগাঁও চহৰৰ পথত ৰাইজৰ মাজত পথ সুৰক্ষা সম্পৰ্কে সজাগতা অভিযান চলাই l
১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত পালন কৰা হ’ব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ l দুৰ্ঘটনাৰ পৰা ৰাইজক সুৰক্ষা দিয়াৰ স্বাৰ্থত ১ জানুৱাৰী পৰা ৩১ জানুৱাৰী তাৰিখলৈকে পালন কৰা হ’ব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ।সেই উপলক্ষ্যে শুকুৰবাৰে নগাঁও চহৰৰ বিভিন্ন পথত ৰাইজৰ মাজত পথ সুৰক্ষা সম্পৰ্কে সজাগতা অভিযান চলালে নগাঁও জিলাৰ জিলা পৰিবহণ বিষয়া সীমান্ত বৰায়ে।বিষয়া গৰাকীৰ ৰাইজৰ প্ৰতি আহ্বান সুৰা সেৱন কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকক।হেলমেট পৰিধান কৰক, গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ পৰা বিৰত থাকক। উল্লেখ্য যে পথ সুৰক্ষা সম্পৰ্কে বহু ব্যক্তিয়ে অনিহা কৰাৰ বাবে হেৰুৱাব লগীয়া হৈছে জীৱন, ঘূণীয়া হৈছে চিৰজীৱনৰ বাবে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
