
ধুবুৰী, ০৪ ডিছেম্বৰ (হি.স.): চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছতেই দেশজুৰি বিজয় উৎসৱ পালন কৰিছে বিজেপিয়ে। চাৰি ৰাজ্যৰ তিনি ৰাজ্য বিজেপিৰ দখলত। ধুবুৰী চহৰত কালি সন্ধ্যায় ফটকা ফুটাই, মিঠাই খাই আনন্দ উল্লাস কৰে বিজেপি কৰ্মকৰ্তাসকলে।
ধুবুৰী জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা বিশাল ৰেলী বাহিৰ কৰা হয়। ৰেলীৰ মাজতে ডি জে বজাই আনন্দ উল্লাস কৰে বিজেপি কৰ্মীসকলে। ফলত উৎসৱ মূখৰ পৰিৱেশ বিৰাজ কৰে ধুবুৰী চহৰত ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
