
ধুবুৰী, ০১ নৱেম্বৰ (হি.স.): ধুবুৰী চহৰৰ ১৪ নং ৱাৰ্ডৰ বটেৰতল অঞ্চলত আজি পুৱাই এজন অচিনাকি যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এডাল গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো।
অৱশ্য়ে এয়া আত্মহত্যা নে হত্যা সেয়া নিশ্চিত নহয় এতিয়াও। আজি পুৱা অচিনাকি যুৱকৰ এই মৃতদেহটো প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
