গোলাঘাট, ০২ জানুৱাৰী (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। গৃহমুখী যাত্ৰাত দেৰগাঁও নেঘেৰিটিং চাৰিআলিত খন্তেক জিৰণিলৈ চাহৰ জুতি লয় দলীয় কৰ্মকৰ্তা সকলৰ লগত। সাংবাদিকৰ সৈতেও যোৱা কালি বৃহস্পতিবাৰে বিয়লি মত বিনিময় কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
মুখ্যমন্ত্ৰীয়ে নৱবৰ্ষৰ প্ৰথমটো দিনত ঘোষণা কৰা আঁচনিৰ তীৰ্যক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই। আনহাতে ৰাইজৰ সমস্যা সমূহ অন্য দলৰ লগত যুটীয়া ভাবে মিলি দূৰ কৰাৰ নতুন বছৰত পৰিকল্পনাৰ কথাও সদৰি কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। আগন্তুক বিধান সভা নিৰ্বাচনকলৈ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বা জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত আৰু আন্ত: ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এজন প্ৰকৃতি প্ৰেমী অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিৰ ধ্বংসলীলা ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাংবাদিকৰ আগত। বিশেষকৈ যাদৱ পায়েঙৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেন্দ্ৰলৈ চিঠি প্ৰেৰণ কৰাৰ কথা তথা জুবিনৰ ন্যায় ক্ষেত্ৰত গৰিমা গাৰ্গৰ ফেচবুক পোষ্টক সমৰ্থন কৰা কথা প্ৰকাশ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
