গোলাঘাট, ১৮ ছেপ্টেম্বৰ (হি.স.)। অৱশেষত বনবিভাগে ট্ৰেংকুলাইজড কৰিবলৈ সক্ষম হ’ল দেৰগাঁৱত নিজৰ গৰাকীক নিহত কৰা ঘৰচীয়া হাতীটোক ।
বুধবাৰে বিয়লিৰ ভাগত ৰামপ্ৰসাদ নামৰ ঘৰচীয়া হাতীটোৱে গচকি নিহত কৰিছিল গৰাকী কেশৱ বৰাক আৰু আহত কৰিছিল দুজনক। নিশা দেৰগাঁৱৰ ভিন্ন স্থানত মুক্ত বিচৰন কৰি আছিল হাতীটোৱে। দেৰগাঁৱৰ এখন ভাওনাস্থলীত সোমায় লণ্ড-ভণ্ড কৰিছিল ভাওনা গৃহ । আধাতে বন্ধ কৰি দিব লগা হ’ল ভাওনা ।
তাৰ পাছতেই দেৰগাঁওস্থিত একাদশ অসম আৰক্ষী বাহিনীৰ চৌহদৰ ভিতৰত মুক্ত বিচৰন কৰি আশ্ৰয় লৈ আছিল এক নিৰিবিলি স্থানত । বৃহস্পতিবাৰে পুৱাই সেই স্থানতে বন বিভাগৰ এটা দলে ট্ৰেংকুইলাইজড কৰিবলৈ সক্ষম হয় হাতীটোক। হাতীটো এটা সপ্তাহ সেই স্থানতে চিকিৎসাৰ ব্যৱস্থা কৰি বনবিভাগে পুনৰ গতাই দিব গৰাকীক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
