গুৱাহাটী, ১৮ ছেপ্টেম্বৰ(হি.স.)। চলিত ছেপ্তেম্বৰ মাহৰ ২৮ তাৰিখৰ পৰা অসমত শাৰদীয় দুৰ্গা পূজা উদযাপন কৰা হ’ব। আজি গুৱাহাটী মহানগৰৰ সকলো পুজা কমিটি সমূহৰ সৈতে জিলা প্ৰশাসনৰ এক গুৰুত্বপুৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তি পুৰ্ণ ভাবে ৰাইজে যাতে দুৰ্গা পুজা উদযাপন কৰিব পাৰে বৈঠকত ইয়াৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী কিছু নীতি নিৰ্দেশনা (এছঅ’পি) জাৰি কৰে।
এছঅ’পি অনুসৰি পুজা কমিটি সমূহে-পূজা পেণ্ডেলত চিচিটিভি কেমেৰা সংযোগ কৰিব লাগিব, নিশা লৈকে পূজাত থাকিব লাগিব স্বেচ্ছাসেৱক সকল,স্বেচ্ছাসেৱক সকলকৰ তালিকা আৰক্ষীক দিব লাগিব পূজা কমিটীয়ে। এছঅ’পি অনুসৰি প্ৰতিগৰাকী ভক্তৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব পূজা কমিটীয়ে। পূজাস্থলীত থাকিব হেল্প আৰু মেডিকেল ডেস্ক থাকিব লাগিব। ভিআইপি সকল পূজালৈ আহিলে পূৰ্বেই আৰক্ষীক জনাব লাগিব।
ট্ৰেফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটী সকলে গুৰুত্ব দিব লাগিব। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। ভক্ত সকলৰ বাবে বিনামূলীয়া কৈ পানী যোগান দিব লাগিব। শব্দ প্ৰদূষণ কৰিব নোৱাৰিব। পূজা কমিটী সমূহে পথত পূজাৰ পেণ্ডেল নিৰ্মাণ কৰিব নোৱাৰিব।
বৈঠকত গুৱাহাটী মহানগৰৰ পূজা কমিটি সমূহৰ বিষয়ববীয়া সকল, জিলা প্ৰশাসনৰ একাংশ জেষ্ঠ বিষয়া উপস্থিত থকাৰ উপৰিও যুটিয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
