গোৱালপাৰা, ৩১ আগষ্ট (হি.স.)। গোৱালপাৰা জিলাৰ দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ নিশা প্ৰায় ১১ মান বজাত দুধনৈস্থিত পি এম শ্ৰী দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও বিদ্যালয়ৰ পাকঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ৷
এই অগ্নিকাণ্ডত বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাৰ আচবাব পত্ৰ জ্বলি ভস্মীভুত হোৱাৰ লগতে পাঁচতাকৈ শ্ৰেণীকোঠা জ্বলি ভস্মীভূত হয় ৷ আনহাতে পাকঘৰত থকা চিলিণ্ডাৰটো বিষ্ফোৰণ হয় ৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ অগ্নিকাণ্ড সংঘটিত হোৱা বিদ্যালয় খনত দুধনৈ অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ীৰ লগতে দুধনৈ আৰক্ষী আৰু স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰাত সহযোগিতা আগবঢ়ায় ৷ ঘটনাস্তলীত দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ ঘটনাৰ বুজ লয় তথা তদাৰক কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
