
দক্ষিণ শালমাৰা মানকাচৰ, ২৬ নৱেম্বৰ (হি.স.): দক্ষিণ শালমাৰাৰ পদ্মেৰ আলগাত যোৱাকালি শনিবাৰে আবেলি দুই কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধ আচঁনিৰ শুভ উদ্ধোধন কৰা হয়। এই কামৰ শুভাৰম্ভ কৰে বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে ৷
মহাবাহু লুইতে প্ৰতি বছৰে দক্ষিণ শালমাৰা সমষ্টিৰ জনগণক সৰ্বহাৰা কৰি আহিছে প্ৰতি বছৰে ৷ শ শ লোকৰ ঘৰ বাৰী,আবাদী ভুমি ,বহু অনুষ্ঠান-প্ৰতিষ্ঠান কালৰূপী লুইতে গ্ৰাস কৰিছে ৷ ৰাইজে দীৰ্ঘদিন ধৰি পদ্মেৰ আলগা, কাতলামাৰী, ডিমাতলা অঞ্চলৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আহিছিল যদিও উক্ত অঞ্চল গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ এছ ও পি ডি আচঁনিৰ (জি) আচঁনিৰ দুই কোটি টকাৰ উক্ত কামৰ শুভ উদ্ধোধন কৰে দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ৷ উক্ত আচঁনি উদ্ধোধন কৰি বিধায়ক চৌধুৰীয়ে কয় যে এই আচঁনিৰ কাম হোৱাৰ পাছত অঞ্চলটো স্থায়ী ভাবে খহনীয়াৰ পৰা ৰক্ষা পৰিব ৷
উক্ত আচঁনি উদ্ধোধন কালত জিলা তথা ৰাজ্যিক পৰ্যায়ৰ জলসম্পদ বিভাগৰ কেইবাগৰাকী অভিযন্তা বিষয়াৰ লগতে ঠিকাদাৰে উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
