
তিনিচুকীয়া, ২৭ ডিচেম্বৰ (হি.স.): তিনিচুকীয়াত যোৱা কালি শুকুৰবাৰে সন্ধিয়া বিজেপি নেতা কুলদ্বীপ সিং চেংগাৰ পুত্তলিকা দাহ কৰি তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ প্ৰদেশৰ উন্নাওত ২০১৭ চনত এগৰাকী নাবালিকাৰ স’তে সংঘটিত কৰা ধৰ্ষিতাকাণ্ডৰ মূল অভিযুক্ত বিজেপি নেতা তথা বিধায়ক কুলদ্বীপ সিং চেংগাৰ শাস্তিৰ দাবীত সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷
প্ৰতিবাদৰ জৰিয়তে শাসকীয় চৰকাৰখনে অতি সোনকালে কুলদ্বীপ সিং চেংগাক গ্ৰেপ্তাৰ নকৰিলে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
