তামুলপুৰ, ১৯ আগষ্ট (হি.স.)। তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিটিচি চৰকাৰে ৪১৪গৰাকী নিবনুৱা যুৱক-যুৱতীক বন বিভাগত স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তিপত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, আজিৰে পৰা আপোনালোক চৰকাৰী মানুহ। এতিয়াৰে পৰা আপোনালোকক নিষ্ঠা আৰু সততাৰে বন বিভাগটো চোৱা-চিতাৰ দায়িত্ব দিয়া হ’ল। আপোনালোকৰ চাকৰিটো বেলেগ চাকৰিতকৈ পৃথক। লগতে প্ৰকৃতিৰ প্ৰতি সকলোকে দায়িত্বশীল হ’বলৈ তেওঁ এনেদৰে কয়, গছ-গছনিৰ লগতে জীৱ-জন্তুৱেও মানুহৰ মৰম বুজি পায়, যদিহে অন্তৰৰ পৰা মৰম কৰা যায়। গতিকে আমি আমাৰ কৰ্তব্য নিষ্ঠাৰে আৰু সুন্দৰকৈ পালন কৰিবই লাগিব।
ভাষণ প্ৰসংগত তেওঁ পুনৰ কয়, উন্নয়নৰ নামত বহু গছ-গছনি ধ্বংস কৰাত প্ৰকৃতি পৰিৱৰ্তন হৈছে। আমি আহি থকা দিনত গছ-গছনি ধ্বংস নকৰি সংৰক্ষণ কৰি জৈৱ-বিচিত্ৰ্য বজাই ৰাখিব লাগিব। হাতী-মানুহৰ সংঘাতৰ মূল কাৰণ মানুহ। আমি মানুহে হাতী অহা-যোৱা কৰা ঠাইত ঘৰ বান্ধিছো, যাৰ বাবে হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈছে। আমি সকলোৱে বন্যপ্ৰাণীৰ সৈতে বসবাস কৰি থাকিলে হাতী-মানুহৰ সংঘাতৰ দৰে সমস্যা সমাধান হ’ব বুলি আশা কৰিব পাৰো।
নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়েও বন বিভাগত নিযুক্তি লাভ কৰা যুৱক-যুৱতী সকলক শুভেচ্ছা প্ৰদান কৰি সকলোকে নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহ্বান জনায়। বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্ৰমোদ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থকা আজিৰ সভাখনত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, বন বিভাগৰ বিভাগীয় মুৰব্বী সুমন মহাপাত্ৰ, মানস ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডাঃ চি ৰমেশ, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰবালা বিশ্বাস আদি উপস্থিত থাকে। উল্লেখযোগ্য যে ৮৪গৰাকী বন বিষয়া আৰু ৩৩০গৰাকী বনকৰ্মীক আজি আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
