


তামুলপুৰ, ২৯ জুন (হি.স.)। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নিচামুক্ত ভাৰত অভিযানৰ অন্তৰ্গত ২১ কিলোমিটাৰৰ ৰান ফৰ হেপিনেছ শীৰ্ষক অৰ্ধ্ব-মাৰাথন দৌৰ প্ৰতিযোগিতা আজি সফলতাৰে সম্পন্ন হয়। প্ৰতিযোগিতা মুকলি কৰি দিয়া চমু ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়, এই কাৰ্যসূচীয়ে ড্ৰাগছ, বাল্যবিবাহ, পথ সুৰক্ষা আদিৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যখনলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি মই আশা কৰো।
জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও উল্লেখ্য কৰে, ড্ৰাগছ, বাল্যবিবাহ আদিৰ দৰে সামাজিক ব্যাধি কিছুমান সমাজৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰত এনে কাৰ্যসূচী সমূহে যথেষ্ট অৰিহণা যোগাব। আনহাতে স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে ৰান ফৰ হেপিনেছ কাৰ্যসূচী আয়োজন কৰাৰ কাৰণে জিলা প্ৰশাসন আৰু ৰাইজক ধন্যবাদ জনোৱাৰ উপৰি নিটি আয়োগৰ সমীক্ষাত দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত তামুলপুৰ উন্নয়ন খণ্ড প্ৰথম হোৱা বাবে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীক বিশেষভাৱে ধন্যবাদ জনায়।
দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আজিৰ কাৰ্যসূচীত পুৰুষ-মহিলা উভয়ৰ ৫গৰাকীকৈ মুঠ ১০গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হয়। বিজয়ী ৫ গৰাকী মহিলা প্ৰতিযোগী হৈছে- ছংমিৰ টেৰংপি (কাৰ্বি আংলং), ছেনলিবন টেৰংপি (কাৰ্বি আংলং), প্ৰিয়া বসুমতাৰী (ওদালগুৰি), ফুলমণি হাছদা (তামুলপুৰ) আৰু অনিতা হাছদা (তামুলপুৰ)। আনহাতে বিজয়ী ৫গৰাকী পুৰুষ প্ৰতিযোগী হৈছে- তিখেশ্বৰ কুৰ্মী (গোলাঘাট), হিতেশ বড়ো (বাক্সা), সূৰ্য দাস (মৰিগাঁও), বনজোট টেৰণ (পশ্চিম কাৰ্বি আংলং) আৰু সন্দীপ সিং (জম্মু)। উক্ত পুৰস্কাৰকেইটা মুঠ এক লাখ টকাৰ ভিতৰত স্থিৰ কৰা হৈছে। আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক জলেন দৈমাৰী, প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, আত্মসহায়ক গোটৰ মহিলা সকলৰ উপৰি ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আদি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
