
গুৱাহাটী, ০৫ ছেপ্টেম্বৰ (হি.স.)। ডিমৰীয়া সমঃ জিলাৰ অধীনৰ তথা সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে আবকাৰী বিভাগে এক অভিযান চলায় । এই অভিযানত কেইবাটাও স্থানৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা সহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয়।
ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰী,পূৱ-মালয়বাৰী আৰু দুৰুঙৰ চাৰিখনকৈ দোকানৰ পৰা অবৈধ ভাৱে বিক্ৰী কৰি থকা বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ সহিতে দুৰুঙৰ পৰা মৃদুল মণ্ডল, পূব মালয়বাৰীৰ কবিন্দ্ৰ কৰ, বিভূতি চৰকাৰ আৰু হিৰাপাৰাৰ অমল বড়ো নামৰ লোক চাৰিজনক আটক কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া বৰ্তমানেও ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ পান দোকান, গেলামালৰ দোকান আদিত অবৈধ বিলাতী সুৰা বিক্ৰী কৰি অঞ্চল সমূহৰ সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে সেয়েহে উক্ত অবৈধ সুৰাৰ ঘাটি সমূহকো শীঘ্ৰে উচ্ছেদ কৰিবলৈ দাবী জনাইছে সচেতম মহলে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
