শিৱসাগৰ, ০৭ নৱেম্বৰ (হি.স.)। শীতৰ আগমনৰ লগে লগে শিৱসাগৰ জিলাৰ ডিমৌৰ পানীদিহিং পক্ষী অভিয়াৰণ্যলৈ আগমন ঘটিছে দেশি-বিদেশী পৰিভ্ৰমী পক্ষীৰ। উজনি অসমৰ অন্যতম পক্ষী অভয়াৰণ্য খন শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগত অৱস্থিত। উক্ত সময়ছোৱাত পক্ষীৰ সমান্তৰালকৈ পৰ্যটকৰো আগমন ঘটে পানীদিহিংলৈ। ৩৩.৯৩ বৰ্গ কিলোমিটাৰ জোৰা এই অভয়াৰণ্য খনত প্ৰায় ১৬৫ বিধ প্ৰজাতিৰ পক্ষী উপলব্ধ। কিন্তু অতি পৰিতাপৰ বিষয় যে এচাম দুস্কৃতিকাৰীৰ কাৰণে বৰ্তমান দিনক দিনে অভয়াৰণ্য খন ধ্বংসৰ গৰাহত।
অভয়াৰণ্য খনৰ ভিতৰত থকা জলাশয় সমূহত উৎপন্ন হোৱা খাদ্যৰ বাবেই বিভিন্ন প্ৰজাতিৰ চৰাই সমূহৰ দূৰ-দূৰণিৰ পৰা খাদ্যৰ সন্ধানত ইয়ালৈ আগমন ঘটে। অভয়াৰণ্য খনৰ কাষেৰে বৈ গৈছে ডিমৌ নদী। কিন্তু মীন বিভাগে মাত্ৰ কেইটকামান ৰাজহৰ বাবে ডিমৌ নদীখন এজন ঠিকাদাৰক বছৰ বছৰ ধৰি লীজত দি আহিছে। একাংশ অচিনাক্ত বহিৰাগত লোকক আনি মাছ মৰা কাৰ্যত নিয়োগ কৰি ৰাখিছে আৰু মাছ মৰাৰ সুৰুঙাৰে অভয়াৰণ্য খনৰ ভিতৰত চোৰাং চিকাৰীয়ে পৰিভ্ৰমী পক্ষী সমূহ হত্যা কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। বন বিভাগৰ লোকে প্ৰকৃত মাছ মৰিয়াৰ ভাৱত লুকাই থকা চোৰাং চিকাৰী চিনাক্ত কৰিব নোৱাৰাৰ ফলত পানিদিহিংৰ পক্ষী সমূহ বিলুপ্ত হৈ আহিছে। ৰহস্যজনক ভাবে বন বিভাগৰ নিয়ন্ত্ৰণত থকা অভয়াৰণ্য খন ৰক্ষাৰ ক্ষেত্ৰত বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
