ছকুৰি বছৰীয়া নর্মদা দেৱীৰ দুর্বিসহ জীৱন: জীৱনৰ অন্তিম কালত পকীঘৰ বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান
ওদালগুৰি, ১৯ ডিচেম্বৰ (হি.স.)। ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তর্গত ডিমাকুছিৰ ৰজাগড়ৰ নর্মদা দেবী নামৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ কৰুণ কাহিনী শুনিলে চকু সেমেকি উঠিব । পিছে বয়সে হাৰ নমানা আইতাৰ কৰুণ কাহিনী ৰজাঘৰীয়াৰ জনপ্রতিনিধি সকলৰ কাণত পৰিবনে ? ১২০ বছৰীয়া আইতাগৰাকীৰ হেঁপাহ জীৱনৰ অন্তিম সময়ছোৱাত লাগে চৰকাৰৰ অকণমান দয়া, মমতা, চৰকাৰী আঁচনি অথবা এটা চৰকাৰী ঘৰ ।
অতি পৰিতাপৰ বিষয় যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ পল টপ্প’ৰ নিজৰ সমষ্টিৰ প্ৰায়ভাগ লোকে বিভিন্ন আঁচনি পাইছে যদিও আজিলৈকে কোনো নেতা-পালিনেতাৰ চকুত নপৰিল শতবর্ষ গৰকা এইগৰাকী আইতা। জনপ্ৰতিনিধি আহিছে আৰু গৈছে, আজিলৈকে আইতাগৰাকীয়ে চৰকাৰৰ পৰা পাবলৈ সক্ষম নহ’ল এটিও ফুটাকড়ি কিম্বা আঁচনি, যাৰ বাবে আইতাই অহর্নিশে বাট চাই থাকে ৰজাঘৰীয়াৰ বৰমুৰীয়া নেতাসকলৰ মুখৰ ফালে । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটাৰ আছিল আইতাগৰাকী । মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি কেইবাগৰাকীও মহান ব্যক্তিক সাক্ষাৎ কৰি আহিছে আইতাগৰাকীয়ে । এতিয়াও আইতাই সুন্দৰভাৱে সুস্থ শৰীৰে কথা-বতৰা পাতি জীয়াই থাকিব বিচাৰে । এইগৰাকী আইতাই আজিলৈকে লাভ নকৰিলে চৰকাৰী সুবিধা । বিগত সময়ত সম-অধিকাৰ, সম-মর্যাদা প্রদান কৰা বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ বিটিআৰৰ উন্নয়নেও ঢুকি নাপালে ৰজাগড়ৰ এইগৰাকী আইতাক । আইতাই দীর্ঘদিনে এটি জৰাজীর্ণ জুপুৰিত নিজৰ নাতি আৰু নাতিবোৱাৰীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে। মিত্রজোঁট চৰকাৰে সমাজৰ দুখীয়া দৰিদ্ৰৰ বাবে বহু আঁচনি আনিলে, মুঠতে বহু লোকেই এই আঁচনিৰ *সুবিধাও* ল’লে।
কিন্তু আইতাইহে আজিলৈকে নাপালে চৰকাৰৰ সুবিধা । অৰুণোদয় আঁচনিৰ লগতে আইতাই নাপালে এটি সাধাৰণ চৰকাৰী ঘৰো । নাতিৰ সৈতে নিশা আকাশৰ তৰা দেখা উৰুখা পজাত জীৱনৰ অন্তিম সময়ছোৱা অতিবাহিত কৰিছে আইতাই । আজিলৈকে এইগৰাকী আইতাৰ নামত চৰকাৰে আবন্টন নিদিলে এটা প্রধানমন্ত্রী আবাসগৃহ । এইগৰাৰী অশীতিপৰ আইতাৰ সপোন- এটা নতুন ঘৰ দিব পাৰিবনে চৰকাৰে । সেয়েহে বাৰে বাৰে মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী , এমচিএলএ পল টপ্প’ক হাতযোৰ কৰি আইতাই কাতৰ অনুৰোধ জনাইছে । নতুন ঘৰটোত নাতিৰ সৈতে জীবনৰ অন্তিম সময়খিনি কটাব আইতাই। কিন্তু নাই, কাৰো খবৰ ল’বলৈ আহৰি নাই শতবর্ষ গৰকা আইতাগৰাকীক। এতিয়া চৰকাৰী সুবিধা বিচাৰি হাবাথুৰি খাইছে আইতাই। আইতাৰ এই দুর্দশাৰ কাহিনী সংবাদ মাধ্যমত প্রকাশৰ পিছত চৰকাৰ তথা জনপ্রতিনিধিৰ এবাৰ খবৰ ল’বলৈ আহৰি হ’বনে, সেয়া হ’ব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
