
তিনিচুকীয়া, ২৩ অক্টোবৰ (হি.স.): দূর্গা পূজাৰ মহা অষ্টমীৰ আনন্দ উল্লাহৰ মাজতে দেওবাৰে নিশা ডিগবৈত অঘটন সংঘটিত হয়। ডিগবৈ খেৰজান নেপালী গাওঁ নিবাসী গৌতম থাপা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় গৌতম থাপাৰ বাসগৃহৰ সকলো সা-সামগ্ৰী। ইফালে অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল ইয়াৰ উৎস জানিব পৰা হোৱা নাই । স্থানীয় লোকে জুই নিবাৰণৰ চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে । যাৰ ফলত সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় গৌতম থাপাৰ বাসগৃহ। অতি দুখীয়া পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনায় স্থানীয় লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
