
নগাঁও, ২৮ অক্টোবৰ (হি.স.): জুৱাৰ বিৰূদ্ধে অভিযান অব্য়াহত ৰাখিছে নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে। নগাঁৱৰ জুৰীয়াৰ শালপাৰাৰ পৰা শুকুৰবাৰে নিশা আটক কৰা হৈছে পাচটাকৈ কুখ্যাত জুৱাৰী। পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাতে হাতে লোটে আটক কৰিবলৈ সক্ষম হোৱা জুৱাৰী পাচটাৰ পৰা জুৱা খেলত ব্যৱহাৰ কৰা সামগ্ৰী, পাচটাকৈ ম”বাইল ফোন, আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে।
এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে জুৰীয়াৰ শালপাৰাত চলোৱা এই অভিযানত ছহিদুল ইছলাম, আবু বক্কৰ ছিদ্দিক, নুৰুল হুছেইন, মাইনুল ইছলাম আৰু ছফিকুল ইছলাম নামৰ জুৱাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত জুৱাৰী কেইটাক সোধা পোচা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
