
কামৰূপ, ২৮ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ আজি ষষ্ঠটো দিন। মৃত্যুৰ দহটাকৈ দিন উকলি যোৱাৰ পাছতো অনুৰাগীয়ে বুকুতে জীয়াই ৰাখিছে প্ৰাণৰ শিল্পী গৰাকীক।
সোণাপুৰৰ কমাৰকুছিৰ সমাধিস্থলীত আজিও পুৱাৰে পৰা ভিৰ কৰিছে অনুৰাগীয়ে। যেন এক পূণ্যতীৰ্থলৈ পৰ্যবসিত হৈছে সোণাপুৰ কমাৰকুছিৰ এই অন্ত্যেষ্টিক্ৰিয়া স্থলী। শোকদগ্ধ হৈ শিল্পী গৰাকীৰ শেষকৃত্য স্থলীত অনুৰাগীয়ে ধূপ-দ্বীপ জ্বলাই আগবঢ়াইছে শ্ৰদ্ধাঞ্জলী।
আজি যিহেতু দেওবাৰ সেয়েহে পুৱাৰে পৰা ভিৰ কৰিছে সহস্ৰাধিক অনুৰাগীয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
