চৰাইদেউ, ১৭ নৱেম্বৰ (হি.স.): চৰাইদেউৰ লাকুৱা নাহৰহাবি চাহ বাগিছাত মুকলিকৈ ককুৰা যুঁজৰ নামত জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ লাকুৱা আৰক্ষী থানাৰ সমিপত অবৈধ ভাৱে কুকুৰা যুঁজ আৰু জুৱা খেল অনুষ্ঠিতত কৰা হৈছে ৷
অভিযোগ অনুসৰি ৫ ৰ পৰা ১০ খন পযন্ত দাইছ খেল অনুষ্ঠিত কৰা হৈছে ৷ দেওবাৰ বিয়লি দৈনিক লাকুৱা নাহৰহাবি চাহ বাগিছাত মুকলিকৈ বহে কুকুৰা যুঁজ৷ ইফালে মুকলিভাৱে চলি থকা এই জুৱা খেলৰ দৃশ্য আৰক্ষী প্ৰশাসনে দেখা নোপোৱাটোহে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এইক্ষেত্ৰত এনেদৰে মুকলিকৈ জুৱাৰ লগতে কুকুৰাৰ যুজঁ পাতিবলৈ ভিতৰুৱা বুজাবুজিৰে অনুমতি দিয়া বুলিও অভিযোগ উঠিছে। এই জুৱা খেল শীঘ্ৰে বন্ধ কৰিবলৈ সচেতন মহলে দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
