
কোকৰাঝাৰ, ২১ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানা অধিন চিথিলাত ২৩ শে জানুৱাৰী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম জয়ন্তী উদযাপনৰ বাবে ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে । নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম জয়ন্তী উদযাপনৰ বাবে এক উদযাপন সমিতি গঠন কৰা হৈছে
নিকুঞ্জ তালুদাৰক সভাপতি আৰু চণ্ডী সাহাক সম্পাদক, উপদেষ্টা হিচাপে ইন্দ্ৰজীৎ দেবমাথক নিৰ্বাচিত কৰি শক্তিশালী সমিতি গঠন কৰিছে । উক্ত সমিতিয়ে ২৩ জানুৱাৰীৰ দিনটোত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বুলি সভাপতি নিকুঞ্জ তালুদাৰে জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
