
ধুবুৰী,০১ ছেপ্টেম্বৰ (হি.স.)। চাপৰৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি। বিদ্যুৎৰ তাঁৰত লাগি মৃত্যু হ’ল পিতৃৰ, গুৰুতৰভাৱে আহত পুত্ৰ। এপিডিচিএলৰ ঠিকাদাৰ হেমেন ডেকাৰ কৰ্মচাৰীৰ ভুলৰ বাবে এটা পৰিয়াল লৈ নামি আহিল ঘোৰ অমানিশা। চাপৰ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত ৰঙামাটি বজাৰত বিদ্যুৎৰ খুঁটাৰ কাম কৰি আছিল এপিডিচিএল ঠিকাদাৰৰ কৰ্মচাৰীয়ে। গুৱাহাটীৰ ঠিকাদাৰ হেমেন ডেকাৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিভাগক নজনোৱাকৈ তথা বিদ্যুৎ কৰ্তন নকৰাকৈ বিদ্যুৎৰ খুঁটা পুতিবলৈ লৈছিল।
ঠিক তেনে সময়ত খুঁটাটো ১১০০ ভল্টৰ তাঁৰত লাগি বিদ্যুতৰ তাঁৰ চিঙি পৰাৰ ফলত পিতা পুত্ৰ বিদ্যুতপৃষ্ঠ হৈ গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত হোৱা পিতা আকিদুল ইছলাম (৩০), পুত্ৰ নাছিৰ ইছলামক (৪) প্ৰথম অৱস্থাত ৰঙামাটি চিকিৎসালয়ত ভৰ্তি কৰা হই যদিও সংকটজনক অৱস্থাত বঙাইগাঁওলৈ প্ৰেৰণ কৰে । ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় পিতা আকিদুল ইছলামৰ আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পুত্ৰ নাছিৰ ইছলাম।
ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙামাটিত। স্থানীয় ৰাইজ ক্ষোভিত হৈ বন্ধ কৰে বহলপুৰ-কোকৰাঝাৰ সংযোগী গড়কাপ্তানী বিভাগৰ পথ। অৱশেষত ঘটনাস্থলীত চাপৰ আৰক্ষী আৰু চক্ৰ বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু পথচোৱা মুকলি কৰি দিয়ে। আনহাতে পৰিয়ালটোক এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পৰিয়ালটোৰ এজন সদস্যক এপিডিচিএলত চাকৰি প্ৰদান কৰাৰ দাবী জনায় স্থানীয় ৰাইজে। উক্ত ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
