ধুবুৰী, ২৩ অক্টোবৰ (হি.স.)। বিগত বৰ্ষ সমূহৰ অনুৰূপ চলিত বৰ্ষতো অনুষ্ঠিত হল তিনিদিনীয়া কাৰ্যসুচীৰে ধুবুৰী জিলাৰ গৌৰীপুৰ দত্ত বাড়ীত কালী পুজা ৷ কালী পুজা উপলক্ষে পিতা —মাতৃৰ স্মৃতিৰ উদ্দেশ্য শ্ৰী মদ্ভ ভাগৱত পাঠ , আৰু কীৰ্তন পাঠ অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত দুৰদুৰণিৰ পৰা আহি বিভিন্ন ভক্তবৃন্দৰ সমাগম হয় ৷ নিশালৈ উপস্থিত থাকি পুজাৰ বিভিন্ন বৈদিক নিতী নিয়ম পালন কৰে।
অনুষ্ঠানটোত কেইবা শতাধিক লোকৰ সমগম হয় ৷ উপস্থিত থকা ভক্তবৃন্দ আৰু উপস্থিত থকা ৰাইজৰ মাাজত প্ৰসাদ বিতৰণ কৰা পৰিলক্ষিত হয় ৷পুজাৰ সমষ্ট ব্য়য় গৌৰীপুৰ দত্ত বাড়ী কালী পুজা সমিতি ব্যয় কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
