ধুবুৰী, ২১ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ কালিবাৰিত যোৱা কালি সন্ধিয়া সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। গৌৰীপুৰত১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কালিবাৰিত ইলেক্ট্ৰনিক টেম্পু আৰু মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
এই দুৰ্ঘটনাৰ ফলত গুৰুত্বৰ ভাৱে আহত হয় চাৰিজনকৈ যাত্ৰী। স্থানীয় ৰাইজ আৰু গৌৰীপুৰ আৰক্ষীয়ে যাত্ৰী সকলোক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনাত পতিত হোৱা বাহন দুখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
