বাক্সা, ২৭ অক্টোবৰ অক্টোবৰ (হি.স.)। গোৱৰ্দ্ধনাৰ গামাৰীগুৰীত শ্ৰীশ্ৰী শ্যামা পূজাৰ সাংস্কৃতিক মঞ্চ উদ্বোধন বিধায়ক ফণীধৰ তালুকদাৰৰ।
বাক্সা জিলাৰ শালবাৰীৰ সীমামূৰীয়া বৰপেটাৰ গোৱৰ্দ্ধনাৰ গামাৰীগুৰীত ৯ দিনীয়াকৈ অনুষ্ঠিত হৈছে ১৯ সংখ্যক শ্ৰী শ্ৰী শ্যামা পূজা। শ্যামা পূজা উপলক্ষে পূজাৰ সপ্তম দিনৰ নিশা কালি ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে সাংস্কৃতিক মঞ্চ ৰঙাফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
পূজাত অংশগ্রহণ আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন কৰি আনন্দিত হয় বিধায়ক ফণীধৰ তালুকদাৰে ।আনহাতে উদযাপন সমিতিৰ বিষয়ববীয়াই কালিৰ কাৰ্যসূচী সম্পৰ্কে মন্তব্য আগবঢ়ায়। কালিৰ কাৰ্যসূচীত কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। বৃহত্তৰ গোৱৰ্দ্ধনা অঞ্চলটোত শ্ৰী শ্যামা পূজাৰ সাংস্কৃতিক মঞ্চ খনে হৈছে একমাত্ৰ সাংস্কৃতিক মঞ্চ। অঞ্চলটোত অনুষ্ঠিত হোৱা বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ বাহিৰেও বিভিন্ন সভা সমিটি অনুষ্ঠিত হোৱাৰ একমাত্ৰ স্থান হব উক্ত মঞ্চ খন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
