বাক্সা, ২৩ জানুৱাৰী (হি.স.)। গোৰেশ্বৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহতো দিনজোৰা কাৰ্য সূচীৰে বাথৌ পুজা উলহ-মালহেৰে কৰা উদযাপন কৰা দেখা যায়। গোৰেশ্বৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত পুৱা পতাকা উত্তোলন (ফিৰফিল্লা বিৰহুনাই)কৰে হৰেন নাথ বড়োৱে।
স্মৃতি তৰ্পণ (গৌথৈচি বাওনাই)কৰে শিক্ষক সোণেশ্বৰ বসুমতাৰীয়ে আৰু ছাত্ৰী সকলে প্ৰাৰ্থনা (আৰচ),পুস্পাঞ্জলি(বিবাৰ বাওনাই)পুৰোহিত (দৌৰি)ৰ মন্ত্ৰৰ দ্বাৰাই বাথৌৰ ওচৰত ভক্ত সকলে সৰ্ব মঙ্গলৰ বাবে ভক্তিৰে প্ৰাৰ্থনা জনায়। বাথৌ পূজাত সিজু গছক (ত্ৰিশূল)বৌৰাই বাথৌৰ (শিৱৰ)প্ৰতীক হিচাপে পূজা কৰে। মাঘ মাহৰ দ্বিতীয় মঙ্গল বাৰে বড়ো জনগোষ্ঠীৰ বাথৌ পূজা উদযাপন কৰা হয়।পঞ্চ তত্ব(মাটি,বায়ু পানী,জুই,আকাশ)ৰ সৃষ্টি কৰ্তা ৰূপে বৌৰাই বাথৌক পূজা কৰা হয়।মৌনসিং সিং বৌৰাই হৈছে বাথৌ ধৰ্মৰ প্ৰৱৰ্তক । পূজাৰ শেষত মাইনাও থিচুন্নাই (লক্ষ্মী আদৰণি)ৰে সমাপ্তি কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
