
ধুবুৰী, ০৩ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ গৌৰাং বজাৰত যোৱা কালি মঙলবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী নেক্সন বাহনে মহতিয়াই নিলে ই ৰিক্সা এখন। এই ঘটনাত গুৰুতৰ ভাৱে আহত হয় দুজন। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে আগমনিৰ পৰা ধুবুৰী অভিমুখী এএছ ০১ ডিএম ০৬০৩ নম্বৰৰ তীব্ৰ বেগী চাৰি চকীয়া নেক্সন বাহন খনে গোলকগঞ্জৰ গৌৰাং বজাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ৰৈ থকা ই ৰিক্সা এখনক খুন্দা মাৰে ফলত ই ৰিক্সাখন চুৰ্ন বিচুৰ্ন হৈ পৰে। ই ৰিক্সাখনৰ চালক জানে আলী আৰু আৰোহী তৰনী দেৱনাথ গুৰুতৰ আহত হয়। দুয়োকে প্ৰথমাৱস্থাত গোলকগঞ্জ চিকিৎসালয়ত নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটালত প্ৰেৰণ কৰে।
উল্লেখ্য যে দুৰ্ঘটনাত চাৰি চকীয়া বাহন খনৰ সন্মুখৰ ভাগ চুৰমাৰ হৈ পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
