তিনিচুকীয়া, ২৬ ডিছেম্বৰ (হি.স.)। তিনি যুৱক গুলীবিদ্ধ হোৱাৰ ঘটনাক লৈ তিনিচুকীয়াত প্ৰতিবাদ অব্যাহত আছে। এই ঘটনাক লৈ শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দেওবাৰে পুৱতিনিশা আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা তিনি যুৱকৰ পৰিয়ালৰ লগতে স্থানীয় একাংশ মহিলাই শদিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
গুলীবিদ্ধ হোৱা তিনিওজন যুৱকৰ চিকিৎসাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী জনাইছে পৰিয়ালৰ লোকসকলে ৷ ইফালে প্ৰতিবাদীসকলৰ আগত শদিয়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছিল তিনি যুৱক ক্ৰমে মনোজ বুঢ়াগোহাঁই, বিশ্বনাথ বুঢ়াগোহাঁই আৰু দীপজ্যোতি নেওগ। বৰ্তমান আটাইকেইজন যুৱক চিকিৎসাধীন হৈ আছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
