দৰং, ২৩ আগষ্ট (হি.স.)। খাৰুপেটীয়াত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২জন। কালি নিশা খাৰুপেটীয়া টাউনৰ মাজমজিয়াত খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাটোত খাৰুপেটীয়া টাউনৰে বাসিন্দা তথা অৱসৰী কৰ্মচাৰী বীৰেন পাল নামৰ লোক জনৰ লগতে বাইক আৰোহী তথা খাৰুপেটীয়া টাউনৰ বাসিন্দা সৰৎ ঘোষ গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাস্থলীত উপস্থিত ৰাইজে আহত দুয়োজন লোকক খাৰুপেটীয়া চিকিতসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । খবৰ পাই ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে বাইক গাড়ীখন থানালৈ নিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
