কোকৰাঝাৰ, ০৫ নৱেম্বৰ (হি.স.)। অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ণ খণ্ডৰ অধিন কৰাইটাৰী ভিছিডিছিত অনুষ্ঠিত হোৱা খেল মহাৰণৰ আজি দ্বিতীয় দিন । উক্ত খেল মহাৰণৰ দ্বিতীয় দিনা ১০০, ২০০, ৪০০ দৌৰ, কাবাডী, , ফুটবল আদি বিভিন্ন খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।
খেল মহাৰণত যুৱক- যুৱতী সকলে উৎসাহ উদ্দীপনাৰে অংশ গ্ৰহন কৰি নিজ প্ৰতিভা সমুহ বিকশিত কৰি তোলাৰ এক সুবৰ্ণ সুযোগ লাভ কৰিছে ৷মুখ্যমন্ত্ৰীৰ মস্তিষ্ক প্ৰসুত এই কাৰ্যসুচীৰ দ্বাৰা গ্ৰামাঞ্চলৰ খেলুৱৈ সকল নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব আৰু সুপ্ত প্ৰতিভাৰ বিকাশ ঘটিব বুলি সচেত ৰাইজে মত প্ৰকাশ কৰিছে ৷অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপৰ শলাগ লৈছে সমাজৰ সকলো শ্ৰেণীৰ লোকে ৷আজিৰ এই খেল মহাৰণত কৰাইটাৰী ভিচিডিচিৰ সভাপতি মনোৱাৰ আলী হুচেনৰ লগত স্থানীয় ৰাইজ উপস্থিত থাকে ৷আজিৰ উক্ত অনুষ্ঠানত উপস্থিত ৰাইজ
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপকৰ বাবে ধানবাদ দিয়ে লগতে কয় যে কৰাইটাৰী ভিচিডিচিৰ সভাপতি মনোৱাৰ আলী হুচেনে খেল মহাৰণ ২০২৩ৰ বাবে সৰকাৰে দিয়া নীতি নিয়ম মানি জি আয়োজন কৰিছে তাৰ বাবে ধানবাদ দিয়ে আরও আশা প্রকাশ কৰে যে আগন্তক দিনতো কৰাইটাৰী ভিচিডিচিৰ সভাপতি মনোৱাৰ আলী হুচেনে এনেকুৱাই কাম কৰি যাবো।ইয়াৰ পিছত কৰাইটাৰী ভিচিডিচিৰ সভাপতি মনোৱাৰ আলী হুচেনে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আৰু বি টি আৰ চীফ প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.
