
কামৰূপ, ১৯ জুন (হি.স.)। ক্ষেত্ৰীৰ হেলাগোগত বন্যহস্তীৰ উপদ্ৰৱ চলিব ধৰিছে। মাজ নিশা এটা বন্যহস্তীয়ে লোহিত ঠাকুৰীয়া নামৰ লোকজনৰ গৃহত প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ। ক্ষতিসাধন কৰিলে আচবাব তথা আন বহু সামগ্ৰী।
হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে শিশু মহিলাসহ পৰিয়ালৰ কেইবাগৰাকীও লোকৰ। উল্লেখ্য় যে দীৰ্ঘদিনৰে পৰা এই অঞ্চলত বন্যহস্তীয়ে উপদ্ৰপ চলাই খাটি খোৱা জনতাৰ নিদ্ৰা হৰণ কৰি আহিছে । সেয়ে ক্ষতিগ্ৰস্থ লোকক ক্ষতিপূৰণ দিয়াৰ বাবে কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগীসকলে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
