গোৱালপাৰা , ০২ জানুৱাৰী (হি.স.)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ ৷
কৃষ্ণাই-ৰেচু পথৰ অসম-মেঘালয় সীমান্তৰ খাৰদাঙত স্থানীয় ৰাইজে গৰু সহ ট্ৰাক জব্দ কৰি আৰক্ষীক গতাই দিয়ে ৷
জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০১ এম চি ১৩৯২ বুলি জানিব পৰা গৈছে। উক্ত ট্ৰাকৰে কৃষ্ণাই-ৰেচুবেলপাৰা পথেৰে ট্ৰিপাল ঢাকি মেঘালয় পিনে গৈ থকা সময়তে সন্দেহজনক ভাৱে ৰাইজে বাহনখন ৰখায় ৷ পিছত ট্ৰাকৰ ভিতৰত ২০টা গৰু উদ্ধাৰ হয় যদিও গাড়ীৰ ভিতৰতে এটা মৃত্যু হোৱাৰ বিপৰীতে আন এটা গৰু অসুস্থ অৱস্থাত উদ্ধাৰ ৷
ইফালে ঘটনাস্থলীৰ পৰা ট্ৰাকখন ৰখাই চালক আৰু হেণ্ডিমেনে পলায়ন কৰে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাত গৰু সহ ট্ৰাকখন আৰক্ষীক চমজাই দিয়ে ৰাইজে ৷ গৰুকেইটা কৰ পৰা অবৈধ ভাৱে কোনে সৰবৰাহ কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
অবৈধ ভাৱে সৰবৰাহ কৰা গৰু কেইটা আৰক্ষীয়ে সুৰক্ষিতৰ বাবে পশু চিকিৎসা কৰি গো শালালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
