কাছাৰ, ১১ নৱেম্বৰ (হি.স.): কাছাৰৰ কাটিগড়াত ৰে’ল দলঙৰ সমিপত যোৱাকালি সোমবাৰে নিশা এখন অস্থায়ী মঞ্চত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি এখন শ্ৰদ্ধাঞ্জলি আৰু জুবিন গাৰ্গৰ স্মৃতিত মায়াবিনী সন্ধ্যা নামৰ সঙ্গীত অনুষ্ঠান অনুষ্ঠিত হয়। কাটিগড়া জুবিন গাৰ্গ সোঁৱৰণী মঞ্চৰ পৰিচালনাত আয়োজিত মায়াবিনী সন্ধ্যা নামেৰে জুবিনৰ স্মৃতিত অনুষ্ঠিত সংগীত কনচাৰ্টৰ দীপ জলাই উদ্বোধন কৰে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহাকে ধৰি আন আমন্ত্ৰিত অতিথিসকলে। ইয়াৰ আগতে সাংসদ পৰিমল শুক্লবৈদ্যৰ লগত আন অথিতী সকলোৱে জুবিন গাৰ্গৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মিউজিক কনচাৰ্টত প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গে গোৱা গীতসমূহ পৰিবেশন কৰে ত্ৰিপুৰাৰ পৰা অহা মহিলা সংগীত বেণ্ড মেঘ বালিকাৰ মহিলা শিল্পীসকলে। মেঘ বালিকাৰ মিউজিক বেণ্ডৰ মহিলা শিল্পীসকলে জুবিন গাৰ্গৰ অবিস্মৰণীয় গীতবোৰ গাই দৰ্শকক মোহিত কৰে। মায়াবিনি ৰাতিৰ বুকুত গীতটিৰ ছন্দৰ লগত সংগতি ৰাখি প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় একাংশ দৰ্শকে। গীতৰ জৰিয়তে জুবিন গাৰ্গক অমৰ কৰাৰ সংকল্প লৈ মেঘ বালিকা মিউজিক বেণ্ডৰ মহিলা শিল্পীসকলে সংগীত অনুষ্ঠানৰ সামৰণি মাৰে।
উল্লেখযোগ্য যে মেঘ বালিকা হৈছে ত্ৰিপুৰা ৰাজ্যৰ সকলো মহিলাৰ দ্বাৰা পৰিচালিত এটা বাংলা মিউজিক বেণ্ড। ইতিমধ্যে এই মিউজিক বেণ্ড দেশৰ বিভিন্ন স্থানত সংগীত পৰিবেশন কৰি খ্যাতি অৰ্জন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
