নগাঁও, ০৩ জুলাই (হি.স.): নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত আজি পুৱাই এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ বিচৰণ পৰিলক্ষিত হৈছে । কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰত বিগত কেইদিন ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰবেশ কৰি এটা প্ৰকাণ্ড হাতীয়ে সন্ত্ৰাস চলায় আহিছে গাওঁখনত। গছ গছনি ভাঙি তহিলং কৰিছে হাতীটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
