বৰপেটা, ১৭ ছেপ্টেম্বৰ (হি.স.)।
দূৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ দলেবৰপেটাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান চলায়। এই অভিযানত ডায়গ্ন’ষ্টিক চেন্টাৰৰ অনুজ্ঞা লাভৰ বাবে কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে দাবী কৰা ধন আদায়ৰ সময়তে কাৰ্যালয়টোৰ দুই কৰ্মচাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰে।
দূৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ দলে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰী দুজন হৈছে বৰপেটাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক জুৰিমা আহমেদ আৰু পিয়ন বাবুল গয়াৰী।
উল্লেখ্য যে কলগাছিয়াৰ ৫জন শিক্ষিত নিবনুৱা যুৱকে স্থানীয় লোক তথা ৰোগী সকলৰ সুবিধা হোৱাকৈ কলগাছিয়াত এখন ডায়গ্ন’ষ্টিক চেন্টাৰ খোলাৰ বাবে প্ৰস্তুতি চলাইছিল।
কলগাছিয়াৰ ৰিয়াজুল ইছলাম, ইমৰান শিকদাৰ, ছহিদুল ইছলাম, আছফাকুল হাছান আৰু আতোৱাৰ ৰহমান নামৰ উক্ত পাঁচগৰাকী যুৱকে মিলিতভাবে ডায়গ্ন’ষ্টিক চেন্টাৰটো স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিছিল। ডায়গ্ন’ষ্টিক চেন্টাৰটো বাবে প্ৰয়োজনীয় অনুজ্ঞা লাভৰ বাবে কাৰ্যালয়টোৰ এই দুই কৰ্মচাৰীয়ে প্ৰথমে ৪০ হাজাৰ টকা দাবী কৰে। যুৱক কেইজনে এই ধন দিবলৈ অপাৰগতা প্ৰকাশ কৰাত পিচলৈ ৩৫ হাজাৰ টকাৰ পৰা আহি আহি ২০ হাজাৰ টকাত মান্তি হয়।
ইপিনে বৰপেটাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ এই দুই কৰ্মচাৰীৰ ধন দাবীত অতিষ্ঠ হৈ যুৱক কেইজনে দূৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ বিষয়াৰ সৈতে যোগাযোগ কৰে আৰু তদাৰকী সঞ্চালকালয়ৰ পৰামৰ্শ মতে দাবী কৰা ১৫ হাজাৰ টকা লৈ থকাৰ সময়তে দুয়োজন কৰ্মচাৰীকে হাতে লোটে ধৰা পেলায়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
