
গুৱাহাটী, ২৪ ডিছেম্বৰ (হি.স.)। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া মণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনটোক যাত্ৰীসকলক উচ্চমানদণ্ডৰ, পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ স্বীকৃতি স্বৰূপে এফএছএছএআইৰ (ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ) দ্বাৰা ‘ইটৰাইটষ্টেচন’ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। ষ্টেচনটোৱে এফএছএছএআইৰ দ্বাৰা প্ৰতিষ্ঠিত নিৰ্দেশনাৱলীৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ষ্টেচনটো এই মৰ্যাদা লাভ কৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ সপ্তম ষ্টেচন ৰূপে পৰিগণিত হৈছে। এই প্ৰমাণ পত্ৰখন ১৩ডিছেম্বৰ, ২০২৩ৰ পৰা ১২ডিছেম্বৰ, ২০২৫লৈকে প্ৰদান কৰা হৈছে।
লগতে, যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ প্ৰয়াসত, উত্তৰ পূব সীমান্ত ৰে’লৱেই ভৱিষ্যতে এফএছএছএআইৰ দ্বাৰা ‘ইটৰাইটষ্টেচন’ হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ অধিক ষ্টেচন লোৱাৰ পৰিকল্পনা কৰিছে যাৰবাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ পূৰ্বে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী, হৰিশ্চন্দ্ৰপুৰ, লামডিং, ৰঙিয়া, মৰিয়নি আৰু সামচি ৰে’ল ষ্টেচনসমূহক এফএছএছএআইৰ দ্বাৰা ‘ইটৰাইটষ্টেচন’ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।
ইয়াত উল্লেখ কৰিব লাগিব যে এফএছএছএআইয়ে মানসম্পন্ন খাদ্যসংৰক্ষণ আৰু স্বাস্থ্য বিধি পালন কৰা ৰেলৱে ষ্টেচনসমূহক ‘ইটৰাইটষ্টেচন’ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই প্ৰমাণপত্ৰ এফএছএছএআইৰ দ্বাৰা ৰেলষ্টেচনসমূহক প্ৰদান কৰা হয় যিসমূহে যাত্ৰীসকলক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যপ্ৰদান কৰাৰ মানদণ্ড নিৰ্ধাৰণ কৰে। এফএছএছএআই তালিকাভুক্ত তৃতীয়-পক্ষৰ অডিট এজেন্সি এটাৰ সিদ্ধান্তৰ পিছত ষ্টেচনটোক এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
এই প্ৰমাণপত্ৰ ‘ইটৰাইটইণ্ডিয়া’ আন্দোলনৰ অংশ, সকলো ভাৰতীয়ৰ বাবে সুৰক্ষিত, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্য নিশ্চিত কৰাৰ বাবে দেশৰ খাদ্যপ্ৰণালীৰ পৰিৱৰ্তনৰ বাবে এফএছএছএআইৰ দ্বাৰা একবৃহৎ পদক্ষেপ।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
