
কোকৰাঝাৰ, ০৭ আগষ্ট (হি.স.): বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে তৎপৰ হৈ থকা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে ২২ খন সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি কালি বিয়লি গোসাইগাঁৱত বিশাল জনসভা কৰি ইউ পি পি এলক কপাই তুলিলে ৷ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত পাঁচখন সমষ্টি ক্ৰমে দুই নম্বৰ গুমা,তিনি নম্বৰ শ্ৰীৰামপুৰ, চাৰি নম্বৰ যমদুৱাৰ, পাঁচ নম্বৰ শৰাইবিল আৰু ছয় নম্বৰ কচুগাঁও পৰিষদীয় সমষ্টিৰ মনোনিত প্ৰাৰ্থী সকলৰ উপস্থিতিত আৰু প্ৰায় দহ সহশ্ৰাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত বিশাল জনসভাৰ আয়োজন কৰা হয় ৷
পাঁচখন সমষ্টিৰ পৰা দলীয় কৰ্মী সমৰ্থক সকলে সমদল কৰি গোসাইগাঁও সদৰ চহৰৰ নেহেৰু খেল পথাৰত উপস্থিত হৈ এই সমাবেশৰ আয়োজন কৰা হয় ৷ ভাষনত মহিলাৰীয়ে কয় যে ইউ পি পি এল দলে একত্ৰিকৰণৰ কথা কয় আমি প্ৰস্তুত আছো ৷ তেওঁ ইউ পি পি এল দলক প্ৰথমে চৰকাৰ এৰিবলৈ আহ্বান জনায় আৰু ২০ টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ব্যক্ত কৰে ৷ চৰকাৰত থাকি একত্ৰিকৰণৰ কথা নহয় বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে৷ তেওঁ আৰু কয় যে জাতি হিচাপে বড়ো জনগোষ্ঠী একগোট হৈ আছে ৷ পাৰ্টি হিচাপেহে পৃথক হৈ আছে ইউ পি পি এলে কেৱল মোবাইলত আৰু টিভিত ক’লে নহ’ব ৷ বাস্তবত আগুৱাই আহিলে নিজে একগোট হ’বলৈ প্ৰস্তুত আছো ৷ চৰকাৰ এৰি আহক দুয়োটা দল ভাঙি এটা দল কৰা হ’ব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
